জিলিকি জিলিকা তৰা আকাশৰে

তীব্ৰ বেগেত চলি থকা গাড়ী এখন হঠাৎ চালকে ব্ৰেক মাৰিলে যাত্ৰীৰ মনত অন্তৰত যি উদিগ্নতা সৃষ্টি হয় গাড়ীখন ৰৈ গল, স্তব্ধতা , কেওফালে মৌনতা ।
২০২২ চনৰ ২৭ অক্টোবৰত অসমৰ সকলো লোকৰ মনবোৰো সেই গাড়ীখনৰ যাত্ৰীৰ দৰেই হৈ গৈছিল। আপোনক হেৰুৱাৰ দুখত যেনেকৈ হুকহুকাই কান্দে, ঠিক তেনেকৈ প্ৰত্যেক অসমীয়াই কন্দিছিল  বা আপোনাআপুনি চকু চলচলীয়া হৈ গৈছিল।কাৰণ সেইদিনা অসমীয়া সাংস্কৃতিক জগতখনৰ ছন্দপতন ঘটিছিল। নিপন গোস্বামী আৰু নাই। প্ৰাই পয়ষষ্ঠী বছৰ অসমীয়া সাংস্কৃতিক জগতৰ অপ্রতিদ্বণ্ডি কলাকাৰ যি মঞ্চই হওঁক বা বোলছবি জগতে হওঁক , যি জন ব্যক্তিৰ  এষাৰ কথাই সকলোকে মোহাচছন্ন কৰি তুলিব পাৰে "এইবিলাক মই বেয়া পাওঁ" জাতীয় এষাৰ কথা শুনিবলৈ 'চিনেমাৰ প্ৰডাকচন'  বিভাগৰ লৰাকেইটাই আশাৰে বাট্চাই থাকে , এজন প্ৰখ্যাত শিল্পী হোৱাৰ স্বত্তেও তেজপুৰ কলিবাৰিৰ পিতৃপ্ৰদত্ব ঘৰটো সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব পালন কৰা চন্দ্ৰধৰ গোস্বামীৰ সুযোগ্য পুত্ৰ এই নিপন গোস্বামী।
১৯৪২ চনত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে বোলছবি জগতত ভুমুকি মাৰিছিল ১৯৫৭ নটসূৰ্য ফণী শৰ্মাদেৱৰ বোলছবি পিয়লি ফুকনৰ যোগেদি। মঞ্চ অভনেতা হিচাপে নিজৰ অভিনয় জীৱন আৰম্ভ কৰি ৰূপালী পৰ্দাৰ অভিনেতা হিচাপে খোজ দিয়ে ১৯৬৮ চনত সংগ্ৰাম ছবিৰ যোগেদি।তাৰ পিছত পিছলৈ ঘূৰি চাবলৈ আহৰি নাপালে । ডক্তৰ বেজবৰুৱা (১৯৭০) , আজলী নবৌ, ঘৰ সংসাৰ, শকুন্তলা  আৰু শংকৰ যোছেফ আলি (১৯৮৪)  , হিয়া দিয়া নিয়া (২০০০) , অন্তহীন যাত্ৰা (২০০৪), গানে কি আনে (২০১৬) আদি প্ৰায় ৬০ খনজনপ্ৰিয় কথাছবিত  তেখেতে অভিনয় কৰি গৈছে । তেখেতে অসমীয়া বোলছবিত অভিনয় কৰাৰ লগতে হিন্দী বোলছবিটো অভিনয় কৰিছিল। সেইবোৰ যথাক্ৰমে দো ভাই (১৯৬৮) , জগ্গো (১৯৭৫), কলসন্ধ্যা (১৯৯১) , দমন (২০০১), আৰু পূৰৱ কী আৱাজ (২০১৭)।
অভিনয়ৰ শিক্ষা লাভ কৰিবলৈ নিপন গোস্বামীয়ে পুনে ফিল্ম ইনষ্টটিউটত নাম ভৰ্তি কৰিছিল। সেই সময়ত তেখেতে সহপাঠী হিচাপে পাইছিল হিন্দী চলচিত্ৰৰ প্ৰখ্যাত নিৰ্মাতা সুভাষ ঘাই, প্ৰখ্যাত অভিনেতা শত্ৰুঘন্ন সিনহা আদিক।
মঞ্চ অভিনেতা হিচাপেও নিপন গোস্বামী আছিল অপ্ৰতিদ্বন্দ্বী । তেজপুৰ বাণ থিযেটাৰ, জিলা পুথিভঁৰাল ,  পেক্ষাগৃহ আছিল তেখেতৰ অভিনয়ৰ স্বাক্ষৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো ( আৱাহন, কহিনুৰ, আৰাধনা ) ভালেকেইখন নাটকৰ অভিনয়ৰ সাক্ষী হৈ ৰল এই নিপন গোস্বামী।
এই জনা অসমৰ বোলছবি জগতৰ , ভ্ৰাম্যমাণ নাট্য জগতৰ ভোটা তৰা নিপন গোস্বামীয়ে যোৱা  ২৭ অক্টোবৰ ২০২২ চনত সকলোকে কন্দুৱাই আকাশৰ "জিলিকা তৰা" আকাশতেই  হেৰাই গ'ল ।
Share On
Author
শ্ৰী অৱনী কুমাৰ নাথ
Published

June 17, 2023